Wednesday, October 30, 2019

Kanchangangha, Dhulikona Lyrics Siger: Zubeen Garg , Zublee Baruah

Kanchangangha, Dhulikona LyricsSong:  Dhulikona
Singer: Zubeen Garg , Zublee Baruah and Panchana Rabha
Backing Vocals: Raghabi Dutta, Tanmoyee Bora
Music Zubeen Garg
Lyrics: Sasanka Samir


Dhulikona Lyrics



ধূলিকণা
অঘৰী কবিতা
উন্মনা
বিচাৰি ঠিকনা
ধূলিকণা
বাউলী কণিকা
উন্মনা
চিনাকি পখিলা
ডাকোৱাল বতাহে জুলোঙা যায় জোকাৰি
পাশুৱাল পাহাৰো বগোৱা বাই আওখি
যাযাবৰ পৰশে মহনা পায় সাতুৰি
জীৱনৰ জাহাজে জেতুকা লয় ৰাঙলী
ধূলিকণা
অঘৰী কবিতা
উন্মনা
বিচাৰি ঠিকনা

জোনাকৰ নীলা ওঠেৰে বননিৰ দেহা চুমিলে

নিঠা লাগে দুচকুতে

এটুপাল চেচা নিয়ৰে
জননীৰ হিয়া দহিলে
তৃখা জাগে শিৰে শিৰে
আঘাতৰ নিমাত চিঞৰে
উশাহৰ মিচিল সাবতে
ঘনে ঘনে
ডাকোৱাল বতাহে জোলোঙা যায় জোকাৰি
পাশুৱাল পাহাৰো বগুৱা বাই
আওখি যাযাবৰ পৰশে মহনা পায় সাতুৰি
জীৱনৰ জাহাজে জেতুকা লয় ৰাঙলী
ধূলিকণা
অঘৰী কবিতা
উন্মনা
বিচাৰি ঠিকনা

দাৱৰৰ বগা কপাহে

বাৰিষাৰ চোলা পিন্ধিলে
টুপা টুপে ঘাম সৰে
ভাগৰৰ চহা খেতিতে
আঘোণৰ জিয়া ফছলে
থুকা থুকে হাঁহি মাৰে
নিয়তীৰ নিজা নিয়মে
শিহৰণ জগায় তেজতে
বাৰে বাৰে

ডাকুৱাল বতাহে জোলোঙা যায় জোকাৰি
পাশুৱাল পাহাৰো বগুৱা বাই আওখি
যাযাবৰ পৰশে মোহনা পায় সাতুৰি
জীৱনৰ জাহাজে জেতুকা লয় ৰাঙলী
ধূলিকণা বাউলী কণিকা
উনমনা
না না না নানানা
না না না নানানা
নানা নানা না না না নানানানা



0 comments: